এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৬৬
ৰচনা মালিকা
উঃ—ঘোঁৰা আমাৰ বৰ উপকাৰী জন্তু। ঘোঁৰাই গাড়ী টানে। কোনো কোনো দেশত ঘোঁৰাৰে হাল বোৱা হয়। ঘোঁৰাৰ পিঠিত উঠি মানুহ দূৰ ঠাইলৈ অহা-যোৱা কৰে। যুদ্ধৰ সময়তো ঘোঁৰাই যথেষ্ট সহায় কৰে। ঘোঁৰাৰে চাৰ্কাচ আদিত নানা খেল দেখুওৱা হয়। পুৰণি কালত ঘোঁৰাৰ পিঠিত উঠি মানুহে ডাক অনা-নিয়া কৰিছিল।
প্ৰঃ—ঘোঁৰাৰ প্ৰতি আমি কি কৰা উচিত?
উঃ—যি সকলে ঘোঁৰা পোহে সেই সকলে ঘোঁৰাৰ প্ৰতি ভাল দৰে যত্ন লোৱা উচিত।
‡ ওপৰৰ প্ৰশ্নোত্তৰবোৰৰ সহায়ত তোমালোকে ঘোঁৰাৰ বিষয়ে এখন ৰচনা লিখি উলিওৱা।
⸻⸻
পাৰ চৰাই
প্ৰঃ—পাৰ কেনে ধৰণৰ চৰাই?
উঃ—পাৰ এবিধ পোহনীয়া চৰাই। প্ৰায় সকলো মানুহে ঘৰে ঘৰে পাৰ পোহে।