পৃষ্ঠা:ৰচনা মালিকা.pdf/৭০

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৬০
ৰচনা মালিকা

 মন দি চাবলগীয়া : এই পদ্ধতি অনুসৰি লিখোঁতে গৰুৰ বিষয়ে এখন সুন্দৰ ৰচনা হৈ উঠিল। সকলো প্ৰকাৰৰ ৰচনা লিখোঁতে তোমালোকে এই প্ৰশ্নোত্তৰ পদ্ধতি প্ৰয়োগ কৰিব পাৰিবা। কেৱল ৰচনাৰ বিষয়বস্তু ভেদে ভাববোৰ বেলেগ বেলেগ হব আৰু সেই ভাব অনুসৰি প্ৰশ্নবোৰ সাজিব লাগিব। সেই প্ৰশ্ন মতে উত্তৰ উলিয়াই উত্তৰবোৰ দফা দফা কৈ পাৰিপাটিকৈ সজালেই একোখন সুন্দৰ ৰচনা হৈ উঠিব।


ষোড়শ পাঠ

প্ৰশ্নোত্তৰৰ সহায়ত ৰচনা শিক্ষা

কুকুৰ


 প্ৰঃ—কুকুৰ কি?

 উঃ—কুকুৰ এবিধ জন্তু।

 প্ৰঃ—ই বনৰীয়া নে ঘৰচীয়া?

 উঃ—কুকুৰ ঘৰচীয়া জন্তু। ইয়াক মানুহে পোহে।