পৃষ্ঠা:ৰচনা মালিকা.pdf/৫৫

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৪৫
ৰচনা মালিকা

উঠাৰ লগে লগে তাৰ ছাঁটো নদীৰ পানীত পৰিল। কুকুৰটোৱে ছাঁটোক আচল কুকুৰ বুলি ভাবিলে। সি ভাবিলে যে আন এটা কুকুৰে মুখত মঙহ লৈ গৈ আছে। তাৰ সেই মঙহ টুকুৰালৈ লোভ লাগিল আৰু মঙহ খিনি পাবলৈ সি ভুকিবলৈ ধৰিলে। তেতিয়া

তাৰ মুখৰপৰা মাংস টুকুৰা সৰি পানীত পৰিল। ইমান কষ্ট কৰি অনা মাংস টুকুৰা পানীৰ পৰাত কুকুৰটোৰ বৰ দুখ লাগিল। নিজৰ মাংস থাকোঁতেও আনৰ মাংসলৈ লোভ কৰাৰ ফলত কুকুৰটোৱে শেষত নিজে লঘোণে থাকিব লগা হ’ল।

 এতেকে নিজৰ থাকোঁতে আনৰ বস্তুলৈ লোভ কৰা উচিত নহয়।

⸻⸻⸻

২। ছবি চাই সাধু কথা ৰচনা

 ছবি চাই তোমালোকে বাক্য ৰচনা কৰিবলৈ ইতিমধ্যে শিকিলা। ছবি চাই সাধুও ৰচনা কৰিব পাৰি। এইদৰে সাধু লিখিবলৈ হ’লে ওচৰা-ওচৰিকৈ দিয়া ছবিবোৰ প্ৰথমৰেপৰা শেষলৈ ভালদৰে চাই ল’ব লাগে। তাৰ পিছত ছবিবোৰ সম্বন্ধে হ’ব পৰা প্ৰশ্নবোৰ এফালৰপৰা মনতে ভাবিব লাগে আৰু সেই প্ৰশ্ন অনুসৰি তাৰ উত্তৰবোৰ লানি লগাই লিখি যাব লাগে। এইদৰে লিখিলে একোটা সাধু হৈ উঠে। সাধুটো লিখোঁতে একোএকোটা ভাবত