পৃষ্ঠা:ৰচনা মালিকা.pdf/৪৯

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

ত্ৰয়োদশ পাঠ

ছবি চাই বাক্য ৰচনা

(১) মেকুৰী এবিধ চাৰিঠেঙীয়া ঘৰচীয়া জন্তু।

(২) ই দেখাত প্ৰায় বাঘৰ দৰে।

(৩) মেকুৰীৰ গাটো কোমল আৰু ঘন নোমেৰে ভৰা।

(৪) মেকুৰীৰ মুখখন ঘূৰণীয়া।

(৫) ইয়াৰ মূখত গোঁফ থাকে।


(১) এইটো এটা বগলী।

(২) বগলীটোৱে পানীৰ কাষত থিয় হৈ মাছ ৰখি আছে।

(৩) হঠাতে সি এটা মাছ দেখা পালে।

(৪) বগলীটোৱে মাছটো খাবলৈ চেষ্টা কৰিছে।


৫) বগলীৰ ঠেং দুখন বৰ দীঘল।