পৃষ্ঠা:ৰচনা মালিকা.pdf/৪২

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩২
ৰচনা মালিকা


পুৰুষ, তাৰ পিছত মধ্যমপুৰুষ লিখি ক্ৰিয়াটো মধ্যমপুৰুষত লিখিব লাগে। যেনে—হুচেইন আৰু তুমি যাবা।

 (৬) বাক্যত কৰ্ত্তা উত্তমপুৰুষ আৰু মধ্যমপুৰুষ হ’লে প্ৰথমে মধ্যম পুৰুষ, তাৰ পিছত উত্তমপুৰুষ লিখি ক্ৰিয়াটো উত্তমপুৰুষত লিখিব লাগে। যেনেঃ— তুমি আৰু মই যাম।

(৭) বাক্যত কৰ্ত্তা উত্তমপুৰুষ আৰু নামপুৰুষ হ’লে প্ৰথমে নামপুৰুষ তাৰ পিছত উত্তমপুৰুষ লিখি ক্ৰিয়াটো উত্তমপূৰুষত লিখিব লাগে। যেনেঃ—সি আৰু মই গৈছিলোঁ।

 (৮) যিবিলাক বাক্যত কৰ্ম্ম থাকে সেইবিলাক বাক্যত কৰ্ম্মটো কৰ্ত্তা আৰু ক্ৰিয়াৰ মাজত বহুৱাব লাগে। যেনেঃ—মেকুৰীয়ে মাছ খায়।

 (৯) কৰ্ত্তা, কৰ্ম্ম আৰু ক্ৰিয়াৰ যদি কিবা বিশেষণ থাকে, তেনে হলে সেই বিশেষণবোৰ কৰ্ত্তা, কৰ্ম্ম আৰু ক্ৰিয়াৰ বাওঁ হাতে ঠিক কাষতে লিখিব লাগে। যেনেঃ—কলা মেকুৰীটোৱে ভজা মাছ চুৰকৈ খালে।

 (১০) অসমাপিকা ক্ৰিয়া সমাপিকা ক্ৰিয়াৰ আগত বহে। যেনে:— ল’ৰাবোৰে খেলি আছে।

 (১১) ক্ৰিয়া হোৱাত সন্দেহ থাকিলে তাৰ আগত নাইবা পিছত ‘যদি’ অব্যয় ব্যৱহাৰ কৰা হয়। যদি অব্যয় আগৰ বাক্যত ব্যৱহাৰ কৰিলে পিছৰ বাক্যত ‘তেন্তে’ বা ‘তেনেহলে’ ব্যৱহাৰ কৰিব লাগে। যেনে:—যদি মৃণাল যায় তেন্তে ময়ো যাম। আৰতিয়ে যদি খায় তেনেহলে ময়ো খাম।