পৃষ্ঠা:ৰচনা মালিকা.pdf/৪

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

পাতনি

 ভাষাৰ কালিকা অটুট ৰাখি কুমলীয়া ছাত্ৰ-ছাত্ৰীসকলৰ উপযোগীকৈ পাঠ্যপুথি লিখাটো সহজ কাম নহয়। ছাত্ৰ-ছাত্ৰীৰ মনোজগতৰ লগত দীৰ্ঘদিনৰ পৰিচয় নাথাকিলে ছাত্ৰ-ছাত্ৰীৰ মনঃপুত ফলপ্ৰসু পাঠ্যক্ৰম প্ৰস্তুত কৰাটো টান হৈ পৰে। মনঃপুত ফলপ্ৰসু পাঠ্যক্ৰম সজাই তুলিব নোৱাৰিলে তেওঁলোকক সুশৃঙ্খলৰূপে লক্ষ্যস্থানত তুলি দিয়াটোও সম্ভৱ হব নোৱাৰে। আজি দেখা গৈছে, প্ৰাইমাৰী স্কুলৰ- পৰা আৰম্ভ কৰি বিশ্ববিদ্যালয় স্তৰলৈকে এক অসংলগ্ন ত্ৰুটিপূৰ্ণ, পাঠ্যক্ৰম চলি আছে। ছাত্ৰ-ছাত্ৰীৰ মনোজগতৰ লগত পোনপটীয়া ওতঃপ্ৰোত সম্বন্ধ নথকা শিক্ষকসকলৰ বিক্ষিপ্ত চিন্তাধাৰাৰে ৰচিত বিশৃঙ্খল পাঠ্যক্ৰমৰ পাঠ্যপুথিয়ে আজি দেশত বিস্তৰ ক্ষতিসাধন কৰিছে। অৱশ্যে চিন্তাশীলসকলে তথা চৰকাৰে লাহে লাহে এই কথা বুজি পাইছে আৰু এই দোষ দূৰীকৰণাৰ্থে চেষ্টা চলোৱাও দেখা গৈছে। আজি দেশৰ শীৰ্ষস্থানীয় মনোবৈজ্ঞানিক দাৰ্শনিক শিক্ষাবিদ- সকলে সমগ্ৰ দেশৰ বিভিন্ন স্তৰৰ ছাত্ৰ-ছাত্ৰীৰ কাৰণে প্ৰণালীবদ্ধ উপযোগী পাঠ্যক্ৰমৰ নিৰ্দ্দেশ দিছে। এই পাঠ্যক্ৰমৰ ফলাফলো অদূৰ ভবিষ্যতে দেখা পোৱা যাব। শিক্ষাবিদসকলৰ নিৰ্দ্দেশ অনুসৰি আমাৰ অসমৰ মাধ্যমিক শিক্ষাবোৰ্ডেও মাধ্যমিক স্কুলৰ প্ৰতিটো শ্ৰেণীৰ বাবে ভিন ভিন পাঠ্যক্ৰম অনুমোদন কৰিছে।