বাক্য শেষ কৰিব পৰা ক্ৰিয়াবোৰেই হ’ল সমাপিকা ক্ৰিয়া আৰু বাক্য শেষ কৰিব নোৱাৰা ক্ৰিয়াবোৰেই হ’ল অসমাপিকা ক্ৰিয়া। এতিয়া তোমালোকে মনত ৰাখিবা :—
যি ক্ৰিয়াই বাক্য শেষ কৰা বুজায় তাক সমাপিকা ক্ৰিয়া বোলে।
যি ক্ৰিয়াই বাক্য শেষ কৰা নুবুজায় তাক অসমাপিকা ক্ৰিয়া বোলে।
তেনেহলে ‘ৰামে অঙ্ক কৰি আছে। ’ এই বাক্যটোত ‘কৰি’ অসমাপিকা ক্ৰিয়া—আৰু ‘আছে’ সমাপিকা ক্ৰিয়া। সেইদৰে ‘হৰি গা ধুই আছে। ’ নাইবা ‘হৰি গা ধুই উঠিছে। ’ এই বাক্য দুটাত ‘ধুই’ অসমাপিকা ক্ৰিয়া আৰু আছে, উঠিছে ক্ৰিয়া দুটা সমাপিকা ক্ৰিয়া।
মন দিয়াঃ কেতিয়াবা কেতিয়াবা সমাপিকা ক্ৰিয়াই অসমাপিকা ক্ৰিয়াৰো ৰূপ-লব পাৰে। যেনে :—মোৰ যাওঁ যাওঁ লাগিছে। ইয়াত ‘যাওঁ’ ক্ৰিয়া যদিও সমাপিকা ৰূপত আছে; ই যাওঁ যাওঁ ৰূপে বহি অসমাপিকা ক্ৰিয়াৰ কাম কৰিছে।
: মুখস্থ কৰা :
বাক্য যেয়ে কৰে শেষ।
ক্ৰিয়া সমাপিকা,
বাক্য নকৰিলে শেষ
অসমাপিকা।