পৃষ্ঠা:ৰচনা মালিকা.pdf/২৩

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৩
ৰচনা-মালিকা


‘হৈছে’ পদে কামটো হোৱা বুজাইছে। ‘নকয়’ পদটোৱে কোৱা কামটো যে নকৰে তাকে বুজাইছে। ‘নাযায়’ পদটোৱে যোৱা কামটো যে নকৰে তাকে বুজাইছে।

 এইবাৰ আকৌ তলৰ বাক্য কেইটা পঢ়া :

 মটৰখন দৌৰি আছে। মই গোটেই ৰাতি পঢ়ি আছিলোঁ। কেচুৱাটো শুই আছিল।

 এই বাক্য কেইটাত থকা বৰ হাতৰ পদ কেইটাই—কি বুজাইছে চোৱা।

 ‘দৌৰি’ পদে দৌৰা কামটো কৰি থকা বুজাইছে বা হৈ থকা বুজাইছে।

 ‘পঢ়ি’ পদে পঢ়া কামটো কৰি থকা বুজাইছে বা হৈ থকা বুজাইছে।

‘শুই’ পদে শোৱা কামটো কৰি থকা বা হৈ থকা বুজাইছে।

 এতিয়া ক্ৰিয়া পদৰ সূত্ৰ সুধিলে তোমালোকে এনেকৈ কব পাৰা— যি পদে কোনো কাম কৰা বা হোৱা, নকৰা বা নোহোৱা নাইবা কৰি থকা বা হৈ থকা বুজায় তাকে ক্ৰিয়া পদ বোলে।

: মুখস্থ কৰা :

কৰা, হোৱা, নকৰা, নোহোৱা
কৰি থকা, হৈ থকা আদি
 বুজায় যি পদে,
সেই পদ ক্ৰিয়া পদ
 জানিবা সততে।