পৃষ্ঠা:ৰচনা মালিকা.pdf/১৮

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
ৰচনা-মালিকা

কিন্তু,

 গৰুৱে জুই খায়।

 এই কথাখিনিত গৰুৱে, জুই, খায়,—ইহঁত যথাস্থানত থাকিলেও ইহঁতৰ মাজত পৰস্পৰৰ অৰ্থৰ সঙ্গতি নাই। গতিকে ইহঁতে কোনো অৰ্থ বা ভাব প্ৰকাশ কৰিব পৰা নাই। গৰুৱে জুই কেতিয়াও নাখায়। ই অসম্ভৱ কথা। এনে অসম্ভৱ বিসঙ্গতি পূৰ্ণ কথা লিখিলে তাক বাক্য বুলিব নোৱাৰি।

 ওপৰৰ আলোচনাৰপৰা আমি বুজি পালোঁ যে বাক্য এটা হ’বলৈ হ’লে কেইটিমান পদ লাগিব, আৰু পদবোৰে পৰস্পৰে অৰ্থযুক্ত হৈ বহি ভাব প্ৰকাশ কৰিব পাৰিব লাগিব।

 গতিকে বাক্যৰ সূত্ৰটো আমি এনেকৈয়ো কব পাৰোঁ—পৰম্পৰ অৰ্থৰ সঙ্গতি থকা ভাব প্ৰকাশক পদৰ সমষ্টিকে বাক্য বোলে।


অনুশীলনী

১। ৰাম, হৰি, ধাননি, বিহু—এই শব্দ কেইটাৰ বৰ্ণবোৰ ভাঙি দেখুওৱা।

২। পদ বুলিলে কি বুজা?

৩। পাঁচোটা শব্দৰ লগত শব্দ-বিভক্তি যোগ কৰি পাঁচোটা পদ তৈয়াৰ কৰা।

৪। শব্দ আৰু পদৰ মাজত পাৰ্থক্য কি?

৫। বাক্য কাক বোলে?

৬। তলত দিয়া বোৰ বাক্য হয় নে নহয় লিখা।

 (ক) মেঘে পোহৰ দিয়ে। (খ) বৰষুণে কাপোৰ শুকায়। (গ) ভূপেন হাজৰিকা এজন বিখ্যাত গায়ক। (ঘ) কামাখ্যা এখন দেৱালয়।