পৃষ্ঠা:ৰচনা মালিকা.pdf/১২০

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

২। চিঠিৰ আৰ্হি

পুতেকে পিতাকলৈ লিখা চিঠি

শ্ৰীহৰি

আৰ্য্যবিদ্যাপীঠ উচ্চতৰ বহুমুখী বিদ্যালয়

পোঃ আঃ—গোপীনাথ নগৰ

গুৱাহাটী— ১৬

২০।৫।৭৭ ইং তাং


পৰম পূজনীয় পিতাদেউ,

 মোৰ সেৱা লব। বৰ্ত্তমান মোৰ ভাল। আশাকৰোঁ ভগৱানে আপোনাকো কুশলে ৰাখিছে। অহা মাহৰ ১৫ তাৰিখে আমাৰ স্কুলৰপৰা এটা সাংস্কৃতিক দল উৰিষ্যালৈ যাব। আপুনি জানি সুখী হব যে সেই দলত মোৰ নামটোও ভৰ্ত্তি কৰিছে। আপুনি শিকোৱা বৰগীতটো মই উৰিষ্যাত গাব লাগিব। আমি যোৱা সময়ত উৰিষ্যাত হেনো জাৰ পৰিব। তাত মোক গৰম পোচাক এযোৰৰ দৰকাৰ হব। ইতিমধ্যে আপুনি দিয়া টকাখিনি মোৰ প্ৰায় শেষ হৈ আহিছে। গতিকে কাপোৰ কিনিবলৈ অতি সোনকালে মোৰ নামত ২০০ টকা পঠাই দিব বুলি আশা কৰিলোঁ। উৰিষ্যালৈ অহা-যোৱা খৰচ আমাক চৰকাৰে দিব। তাত আমি এসপ্তাহ থাকিম।