পৃষ্ঠা:ৰচনা মালিকা.pdf/১১

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

ৰচনা-মালিকা

প্ৰথম পাঠ

ভাষা

 মানুহে ইজনে সিজনৰ মাজত মনৰ ভাব প্ৰকাশ কৰিবলৈ মুখেৰে যি কথা কয় তাকে ভাষা বোলে। আমি অসমীয়া মানুহ। আমি সৰুৰেপৰা যি ভাষাৰে আমাৰ মনৰ ভাব প্ৰকাশ কৰি আহিছোঁ সেই ভাষাটোৰ নাম অসমীয়া ভাষা। সেই দৰে বঙালী- সকলে কোৱা ভাষাৰ নাম বঙালী, ইংৰাজসকলে কোৱা ভাষাৰ নাম ইংৰাজী। এই দৰে পৃথিবীত যিমানবোৰ জাতি আছে, সেই সকলোবোৰেৰে নিজা নিজা ভাষা আছে।

 প্ৰত্যেক জাতিয়ে তেওঁলোকৰ নিজা নিজা ভাষাবোৰ শুদ্ধকৈ শিকিবলৈ যত্ন কৰিব লাগে। ভাষা শুদ্ধকৈ কবলৈ নিশিকিলে বা লিখিবলৈ নিশিকিলে সমাজত লাজ পাবলগীয়া হয়। যিয়ে নিজৰ মাতৃভাষা শুদ্ধকৈ কবলৈ বা লিখিবলৈ নাজানে, সি জীৱনত উন্নতি কৰিব নোৱাৰে। গুণীজনে কৈ গৈছে—উন্নতি আৰু মঙ্গলমন্দিৰৰ সিংহ দুৱাৰ হৈছে মাতৃভাষা। সেয়েহে আমিও সৰুৰেপৰা আমাৰ মাতৃভাষা অসমীয়া অতি মনোযোগেৰে শুদ্ধকৈ শিকিবলৈ যত্ন কৰা উচিত।

⸺⸺