পৃষ্ঠা:ৰচনা মালিকা.pdf/১০৫

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৯৫
ৰচনা মালিকা

লিখিছিল। তেওঁ চোৰধৰা, পিম্পৰা-গুচোৱা আদি কেইবাখনো ঝুমুৰা লিখি থৈ যায়।

 প্ৰঃ— মাধবদেৱে কেতিয়া মৃত্যুবৰণ কৰে?

 উঃ— ১৫৯৬ চনত মহাপুৰুষ মাধৱদেৱৰ মৃত্যু হয়।

 প্ৰঃ—এইজনা মহাপুৰুষৰ প্ৰতি আমাৰ কৰ্ত্তব্য কি?

 উ:—এইজন মহাপুৰুষৰ জন্মতিথি বা মৃত্যুতিথি পালন কৰাই আমাৰ কৰ্ত্তব্য নহয়, তেওঁ দি যোৱা আদৰ্শ, ধৰ্ম্ম, সাহিত্য আদি ৰক্ষা কৰাটোহে আমাৰ প্ৰধান কৰ্ত্তব্য।

  • ওপৰত দিয়া প্ৰশ্নোত্তৰবোৰ পঢ়ি মহাপুৰুষ শ্ৰীশ্ৰীমাধৱদেৱৰ

বিষয়ে এখন ৰচনা লিখি উলিওৱা।

⸺⸺


উনবিংশ পাঠ

ৰচনাৰ আৰ্হি

মহাপুৰুষ শ্ৰীশ্ৰীশঙ্কৰদেৱ

 ১৪৪৯ খৃষ্টাব্দত নগাওঁ জিলাৰ বৰদোৱাত মহাপুৰুষ শ্ৰীশ্ৰীশঙ্কৰ- দেৱৰ জন্ম হয়। তেওঁৰ দেউতাকৰ নাম আছিল কুসুম্বৰ শিৰোমণি ভূঞা আৰু মাকৰ নাম আছিল সত্য সন্ধা। নিচেই সৰু থাকোঁতে তেওঁৰ দেউতাকৰ মৃত্যু হয়। দেউতাক ঢুকোৱাৰ পিছতে তেওঁৰ মাকেও প্ৰাণত্যাগ কৰে। তেতিয়া বুঢ়ীমাক খেৰসূতীয়ে শঙ্কৰদেৱক তুলি-তালি ডাঙৰ-দীঘল কৰে।