পৃষ্ঠা:হৰিশ্চন্দ্ৰ উপাখ্যান.djvu/৯৯

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৯৫
হৰিশ্চন্দ্ৰ উপাখ্যান।

ৰাজ্যৰ উচ্ছেদ ভৈল এড়িল সুহৃদে।
ভাৰ্য্যা পুত্ৰ বিকা গৈল দক্ষিণাৰ পদে॥
মহাৰাজঋষি হৰিশ্চন্দ্ৰ মহীপতি।
নকৰিলা বিধতাই কোননো দুৰ্গতি॥ ৩৮৭
সিটো প্ৰাণনাথৰ নেদেখো আবে ভাল।
প্ৰাণে কি জীৱয় নুশুনিলো এত কাল॥
যোনো প্ৰভো মোৰ শোকে দুখে গৈলমৰি।
এহি বুলি মুৰ্চ্ছাগৈয়া পড়িলা সুন্দৰী॥ ৩৮৮
হেন শুনি নৃপতিৰ বিস্ময় মনত।
কিবা সচেতত আছো কিবা সপোনত॥
কৈৰ নাৰী কান্দৈ ইটো মোৰ নাম লই।
এহেন্তেসে জানো মোৰ শৈব্য়া মহাদই॥ ৪৮৯
জানো প্ৰাণ পুত্ৰ ৰোহিতাশ্ব আছৈ মৰি।
জানিলা নিশ্চয় ৰাজা কাতি চিত কৰি॥
লোকে ধৰিলেক ভৈল বাতুল স্বভাৱ।
পুত্ৰ পুত্ৰ বুলিয়া ত্যজিলা দীৰ্ঘৰাৱ॥ ৩৯০
দশোদিশ অন্ধকাৰ দেখি সেহিতালে।
পুত্ৰৰ ভৰিত ৰাজা পড়িলা নিঢালে॥
কতোক্ষণে শৰীৰত আসিল চেতন।
আকুলে ব্যাকুলে ৰাজা কৰন্ত ক্ৰন্দন॥ ৩৯১