পৃষ্ঠা:হৰিশ্চন্দ্ৰ উপাখ্যান.djvu/৯৮

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৯৪
হৰিশ্চন্দ্ৰ উপাখ্যান।

হৰি হৰি শিশু ইটো কাহাৰ নন্দন।
ইহাক দেখন্তে আসৈ উভতি ক্ৰন্দন॥
হা পুত্ৰ শোকে তোৰ কিকৰে জীৱন।
এহি বুলি ৰাজা ভৈলা সজল নয়ন॥ ৩৮২
অধোমুখে থাকিলন্ত পুত্ৰক সুমৰি।
দুনাই চেতন লভি কান্দন্ত সুন্দৰী॥
হা সুকুমাৰ পুত্ৰ সৰ্ব্ব সুলক্ষণ।
কোনবা কুযোগে আসি মিলিল মৰণ॥ ৩৮৩
সৰ্ব্বাঙ্গে সুন্দৰ যেন সোণাৰ পুত্তলি।
মোক এড়ি পুত্ৰ আৰে কোন পুৰী গৈলি॥
জীয়ো মানে থলি পুতাই হৃদয়ত শাল।
আপুনি কৰিবো আজি আপোনাৰ কাল॥ ৩৮৪
হা প্ৰাণ নাথ হৰিশ্চন্দ্ৰ গৈলা কোই।
তোমাৰ স্নেহৰ হেৰা মৰে মহা দই॥
কিয়নো আশ্বাস আৰে নকৰাহা মোক।
পৰিচ্ছেদা চাহা আসি ৰোহিতাশ্ব পোক॥ ৩৮৫
প্ৰাণ পুত্ৰ কৈকগৈলা ইজন্মক লাগি।
একেশ্বৰী ভৈলো কুলক্ষণী মন্দ ভাগী॥
ছা বিধি ভৈল আৰে তোৰ মনে সুখ।
সপতিক দুখৰ উপৰি দিলি দুখ॥ ৩৮৬