পৃষ্ঠা:হৰিশ্চন্দ্ৰ উপাখ্যান.djvu/৯৭

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৯৩
হৰিশ্চন্দ্ৰ উপাখ্যান।

তাৰ মুখে মুখ দিয়া কৰন্ত বিলাপ।
সহিবে নোৱাৰো বাপ তোহোৰ সন্তাপ॥
কিসক নমাত মোক আই আই বুলি।
তোৰ শোক অগণি মাৰন্তে আছৈ পুলি॥ ৩৭৭
এবেসে জানিলো তই পুত্ৰ গৈলি মৰি।
এহি বুলি মাটিত পড়িলা ধাত কৰি॥
অচেতন ভৈলা মাত বোল নাহি দেখি।
মৃতক শিশুক ৰাজা চাহন্ত নিৰীক্ষি। ৩৭৮
গাত সবে আছৈ নৃপতিৰ যত চিহ্ন।
মহা সুলক্ষণ একো অঙ্গ নুহি হীন॥
অনুমানে জানো এক ৰাজাৰ ছৱাল।
কিবা দোষে ইহাৰ অল্পতে ভৈল কাল॥ ৩৭৯
আক দেখি মোৰ হৃদয়ত লাগে তাপ।
এহি বয়সৰ মোৰ ৰোহিতাশ্ব বাপ॥
এনয় আয়ত দুই কমল লোচন।
এহি মুখ কৰ্ণ নাসা কপাল দশন॥ ৩৮০
সমান শৰীৰ একে অৱস্থা আকৃতি।
নজানো ব্ৰাহ্মণে কিনি নিলে কোন ভিতি॥
এবে হুইবে উমলান্তে ফুৰৈ ৰঙ্গ কৰি।
যদি নতু যমে নেই পুতাইক পাসবি॥ ৩৮১