পৃষ্ঠা:হৰিশ্চন্দ্ৰ উপাখ্যান.djvu/৯৫

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৯১
হৰিশ্চন্দ্ৰ উপাখ্যান।

পাপক সংহাৰ,   পুৰুষ উদ্ধাৰি,
  হৰি হৰি বোলা ডাকি॥ ৩৬৭

⸻:0:⸻
পদ।


পক্ষিগণ বোলে মুনি শুনি থাকা কথা।
কহো নৃপতিৰ পাছে যিভৈল অৱস্থা॥
এহিমতে মৰা পুত্ৰ শৈব্যা কোলে ধৰি।
পথত কান্দিয়া যান্ত আৰ্ত্ত নাদ কৰি॥ ৩৬৮
কৈক গৈলি পুতাই দুখিনীক এড়ি।
কিমতে ৰহিবো মই ব্ৰাহ্মণৰ চেড়ী॥
কৈত আছা হৰিশ্চন্দ্ৰ মোৰ প্ৰাণপতি।
তুমি অবিহনে ভৈলোঁ অনাথ সঙ্গতি॥৩৬৯
তব দয়াবন্ত কুমৰক খাইলে শাপে।
শুনি কিবা জীবা তুমি পুত্ৰৰ সন্তাপে॥
মোক প্ৰভো কিয় আসি নকৰা আশ্বাস।
পুত্ৰৰ লগতে অগনিত কৰো বাস॥ ৩৭০
এহি বুলি দীৰ্ঘ ৰাৱে কৰন্ত ক্ৰন্দন।
সেহি বেলা হৰিশ্চন্দ্ৰ ত্ৰিশঙ্ক নন্দন॥
চাণ্ডালে পঠাইলে মৃতকক ফুৰি চান্ত।
ক্ৰন্দন্তৰ ৰাৱক দূৰতে নিহালন্ত॥৩৭১