পৃষ্ঠা:হৰিশ্চন্দ্ৰ উপাখ্যান.djvu/৯২

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৮৮
হৰিশ্চন্দ্ৰ উপাখ্যান।

অগ্নিৰ সদৃশ,   শৰীৰ শোষয়,
  হিয়াৰ নুগুছে খেদ॥
হেনয় নিকাৰে,   আছন্ত সুন্দৰী,
  ব্ৰাহ্মণৰ হুয়া দাসী।
ৰাজ কুমৰক,   ফুল পাৰিবাক,
  বুলিলা এদিন ঋষি॥ ৩৬০
ব্ৰাহ্মণ বচনে,   ৰাজাৰ কুমৰে,
  হাতে কুকী গোট লৈয়া।
ফুলনি বাড়ীত,   সোমাই কুমৰে,
  ফুল পাৰে দাঁৰি নিয়া॥
সেহি ফুল গাছে,   কাল সৰ্প আছে,
  উপৰক তুলি ফেট।
কুমৰক ক্ৰোধ,   কৰি মহা সৰ্পে,
  মাথাত মাৰিল খোট॥ ৩৬১
বিষৰ পৰশে,   থৰ থৰি কম্পি,
  কুমৰৰ প্ৰাণ গৈল।
বুড়িল বুড়িল,   বুলি পটেশ্বৰী,
  পুত্ৰশোকে আউল ভৈল॥
দুহাতে ধৰিয়া,   মুঠি হানে হিয়া,
  হাহা পুত্ৰ পুত্ৰ বুলি।