এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৮৫
হৰিশ্চন্দ্ৰ উপাখ্যান।
ইটো আঠান্তৰ, একো নজানিলি,
যি ভৈল মোৰ বিলাই॥ ৩৫২
ৰাজ্য ত্যাগ ভৈল সুহৃদে এড়িল,
বিকিলো পুত্ৰ ভাৰ্যাকে।
আপুনি চাণ্ডাল, ভৈলো দাস আজি,
মোহোৰ কৰ্ম্ম বিপাকে॥
আৱৰ কতেক, ভুঞ্জিবো ললাট
কোন গতি হোৱে মোৰ।
কষ্টৰ উপৰি, কষ্ট দিয়ে আসি,
দুখৰো নেদেখো ওৰ॥ ৩৫৩
প্ৰভাত মধ্যাহ্ন, গধূলি বেলাত,
এহিসে মুখত গীত।
চক্ষুৰ লোতকে, পাঞ্জৰি ভিজই,
নিদ্ৰা নাসে ৰজণীত॥
মৃতকৰ বস্ত্ৰ, যি দিনা নপান্ত,
চাণ্ডালে ধৰিয়া মাৰে।
এহি মতে ৰাজা, চাণ্ডালৰ ঘৰে;
বঞ্চিলা দুখ নিকাৰে॥ ৩৫৪
মহাদৈবো তৈতে, দণ্ডে যুগ যাই
বৃদ্ধ ব্ৰাহ্মণৰ ঘৰে।