পৃষ্ঠা:হৰিশ্চন্দ্ৰ উপাখ্যান.djvu/৮৬

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৮২
হৰিশ্চন্দ্ৰ উপাখ্যান।

ত্ৰাহি ত্ৰাহি বুলি,   নিঢালে সমূলি,
  ঋষিৰ পাৱে পড়িল॥
চৰণত ধৰি,   কৰন্ত কাতৰ,
  হুয়োক ঋষি প্ৰসন্ন।
শোকে বিমোহিত,   ভৈলোহো বিস্মিত,
  দিয়োক মোক শৰণ॥ ৩৪৫
চাণ্ডালত মোৰ,   জাতি ভ্ৰষ্টনৌক,
  তোমাৰেসে ভৈলো দাস।
নকৰা বিঘিনি,   তুমি লোৱা কিনি,
  দক্ষিণাতে লৈয়ো দাস॥
যেহি লাগে সেহি,   বহন কৰিবো,
  ফুৰাইবো কান্ধত কৰি।
কাম্পয় হৃদয়,   দিয়োক নিৰ্ভয়,
  থাপিয়োক মোত ভৰি॥ ৩৪৬
তথাপিতো ঋষি,   নিষ্ঠুৰ বোলন্ত,
 ভৰিৰ এড় নিলাজ।
টেটোন পালক,   কি কৰিবো তোক,
  ধনতেসে মোৰ কাজ॥
তয়ো দাস ভৈলে,   মোৰ অধিকাৰ,
  কি কৰিবো তোক নিয়া।