এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৭৯
হৰিশ্চন্দ্ৰ উপাখান।
ডাঙ্গৰ দুগোটা চক্ষু দেখি ভয়ঙ্কৰ।
বিকট দশন ৰাজা অগ্ৰে অগ্ৰসৰ॥
ফাল্গুণৰ বায়ু যেন নাকৰ বতাস।
ওলমিছে পেট যেন বড় মৌৰ বাঁস॥ ৩৩৪
মেঘৰ গৰ্জ্জন যেন মুখত শুনি মাত।
ভেঙ্গুৰা ভেঙ্গুৰ থুলন্তৰ ভৰি হাত॥
তাম্ৰ বৰ্ণ গোফ দাড়ি লোহা অলঙ্কাৰ।
হাতে জাঠি ধৰি যেন ৰাক্ষস আকাৰ॥ ৩৩৫
অনেক চাণ্ডাল গণে বেঢ়ি আছে তাক।
মই কিনিবোহো বুলি মাতিলা ৰাজক॥
কত ধন লাগে তোক কহ মূল দৰ।
কিবা অপ্ল লাগে কিবা লাগয় বিস্তৰ॥ ৩৩৬
ঢলো পড়ো কবে আতি মদ্য আছে ল গ।
অনুওৰ কৰি নৃপতিক মাতে ৰাগি॥
কীল কীল কৰি উন্মত হুয়া হাসে।
ভেল ভেল কৰিয়া মদ্যৰ গন্ধ আসে॥ ৩৩৭
হেন দেখি ৰাজা দিলা নাকত কাপোড়।
তোৰা কোন জাতি বুলি সোধে নৃপবৰ॥
কিবা নাম তোমাৰ সত্বৰে কহিয়োক।
চাণ্ডাল বদতি তই কিবা সোধ মোক॥ ৩৩৮