পৃষ্ঠা:হৰিশ্চন্দ্ৰ উপাখ্যান.djvu/৮২

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৭৮
হৰিশ্চন্দ্ৰ উপাখ্যান।

এহি বুলি কপিঙ্গত বান্ধি লৈলা ধন।
কোপ মনে বিশ্বামিত্ৰে কৰিলা গমন॥
চিন্তা ভয়ে ৰাজাৰ দগধ ভৈল মন।
শ্ৰুতি জ্ঞান নাই আৰ হৰিল চেতন॥ ৩২৯
দুখৰ উপৰি দুখ পাইলা মহাৰাই।
শৰীৰত মহাচিন্তা অগণি উধাই॥
নেদেখো উপায় আৰু আবেসে মৰণ।
বিশ্বামিত্ৰ সাগৰত নভৈল তৰণ॥ ৩৩০
গুণি গাণ্ঠী আন একো নেদেখো প্ৰকাৰ।
আপোনাক বিকি শুজোঁ আপোনাৰ ধাৰ॥
এহিমতে কতোক্ষণ দঢ়াই আপোনাক।
অধোমুখ হৈয়া ৰাজা দিলা দীৰ্ঘ ডাক॥ ৩৩১
আপোনাকো বিকো হেৰা যাৰ আছে মন।
ভৃত্য কৰি কিনি লোয়া আনিদিয়া ধন॥
যাৱে নতু আসি হোৱে সূৰ্য্য় অস্তাগত।
সত্বৰে বোলাহা আসি মোহোৰ আগত॥ ৩৩২
এহি বুলি বাৰে বাৰে ডাকন্ত তপাল।
শুনি ভয়ঙ্কৰ এক আসিল চাণ্ডাল॥
যেন অঙ্গাৰৰ বৰ্ণ জ্বলে কলেৱৰ।
অন্ধ কুপ যেন জ্বলে নাসিকা বিবৰ॥ ৩৩৩