পৃষ্ঠা:হৰিশ্চন্দ্ৰ উপাখ্যান.djvu/৮

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
হৰিশ্চন্দ্ৰ উপাখ্যান।

লক্ষ কোটি শকটে শকটে ধন বহে।
ধনভৰে তল যাই অযোধ্যা নসহে।।
জগতৰ লক্ষ্মী সবে ভৈল এক ঠাই।
শ্ৰীমন্ত হৰিশ্চন্দ্ৰ ৰাজা ইন্দ্ৰ প্ৰাই।। ১৪
এক চত্ৰে ভুঞ্জে অকণ্টকা বসুন্ধৰি।
শৈব্যানামে ভৈলা তান পৃয়া পটেশ্বৰী।
স্ত্ৰীৰত্ন মাজে লেখি গুণৱতী সতী।
ৰূপত পাৰ্ব্বতী পতিব্ৰতা পুন্যৱতী॥ ১৫
পতিপ্ৰাণ পতিজ্ঞান পতিকেসে ধ্যান।
পতি ব্যতিৰেকে স্বপনতো নাহি আন।।
নৃপতিৰ প্ৰাণতো অধিক আতি স্নেহ।
যেন গৌৰী শঙ্কৰে অভিন্ন ভৈল দেহ।
স্বৰ্গত ক্ৰীড়ন্তে যেন শচী পুৰন্দৰ।
লক্ষ্মী সমম্নিতে যেন কেলি কেশৱৰ।।
সৈব্যা ভাৰ্য্যা সমে হৰিশ্চন্দ্ৰ মহাৰথ।
পুৰিলন্ত নৃপতিৰ সবে মনোৰথ॥ ১৭
ৰোহিতাশ্ব নামে ভৈল তনয় ৰাজাৰ।
যেন পূৰ্ণিমাৰ চন্দ্ৰ শিশু সুকুমাৰ।।
সৰ্ব্ব সুলক্ষণ একো গুণে নাহি হীন।
নিৰন্তৰ আছে নৃপতিৰ যত চিন্ন ।। ১৮