পৃষ্ঠা:হৰিশ্চন্দ্ৰ উপাখ্যান.djvu/৭৯

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৭৫
হৰিশ্চন্দ্ৰ উপাখ্যান।

হেন দেখি মহাদই কৰন্ত কাতৰ।
নমাৰা নমাৰা গুৰু মৰিবে কুমৰ॥
চৰণত ধৰো গুৰু হুয়োক প্ৰসন্ন।
কুমৰকো কিনিলৈয়ো দিয়ো কিছুধন॥ ৩১৪
কৰ্ম্ম কৰিবাক নোৱাৰিকো পুত্ৰবিনা।
সন্তাপতে মৰিবো মিছাতে মোক কিনা॥
হেন জানি মাৱ পুত্ৰ একে লগে কিনা।
নোৱাৰো ৰাখিবে প্ৰাণ ৰোহিতাশ্ব বিনা॥ ৩১৫
হেন শুনি ব্ৰাহ্মণৰ পালটিল মন।
ৰাজাক বোলন্ত লোৱা পুত্ৰ বিকি ধন॥
যাই লগ লাগি পাশ নেৰয় মাৱৰ।
ধৰ্ম্ম ব্যৱহাৰে ধন পাস দুইহন্তৰ॥ ৩১৬
এহি বুলি দুইৰ ধন কৰি এক ঠাই।
বাকলি বস্ত্ৰত নিয়া বান্ধিল দঢ়াই॥
মাৱ পুত্ৰ দুইক নেই একে ঠাইতে বান্ধি।
পাছত কোবান্ত দ্বিজে দুয়ো যান্ত কান্দি॥ ৩১৭
কাতি হৈয়া পড়িয়া আছন্ত ৰাজা চাই।
আগতে বান্ধিয়া ভাৰ্য্য়া পুত্ৰ লৈয়া যাই॥
কৰন্ত ক্ৰন্দন পৃথিৱীত পৰে লুটি।
কিবাচাই আছো প্ৰাণ কেনে নযাই ফুটি॥ ৩১৮