পৃষ্ঠা:হৰিশ্চন্দ্ৰ উপাখ্যান.djvu/৭৮

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৭৪
হৰিশ্চন্দ্ৰ উপাখ্যান

শৈব্যাযে বোলন্ত বৈয়ো খানিতেক লাগি।
স্বামীক মাতিয়া যাওঁ ইসম্মক লাগি।
প্ৰাণ নাথ এৰে দেখা দেখি আজি যাই।
পৰিচ্ছেদ কৰি খানিতেক থাকো চাই। ৩০৯
হেন শুনি খঙ্গাইলে ব্ৰাহ্মণ অহঙ্কাৰী।
কোলাৰ শিশুক ধৰি লৈযান্ত আজুৰি॥
কৈৰ স্বামী পাইলি বুলি কিল মাৰে ধৰি।
বাম হাতে চুলে ধৰি লৈযান্ত আজুৰি॥ ৩১০
মহাদই বোলে গুৰু এৰা এৰা মোক।
চক্ষু গোট মেলি চাওঁ ৰোহিতাশ্ব পোক |।
মাৱৰ পুত্ৰৰ দেখা দেখি আজি যাই।
চাওঁ মই নেত্ৰ ভৰি স্নেহৰ পুতাই॥ ৩১১
ভৈলো কুলক্ষণী আজি ব্ৰাহ্মণৰ দাসী।
তই ৰাজকুমৰ নুছবি মোক আসি॥
এহি বুলি আৰ্ত্তৰাৱে কৰন্ত ক্ৰন্দন।
মাৱৰ বচন শুনি ৰাজাৰ নন্দন॥ ৩১২
মাৱ মাৱ বুলি খেদি গৈলা পুত্ৰ খানি।
দেখি বৃদ্ধ ব্ৰাহ্মণে মাৰিলে লাঠি হানি॥
আইস বুলি তথাপি চাপিল আসি পাশ।
মাৱক সাবটি ধৰি পাৰন্ত আটাস॥ ৩১৩