পৃষ্ঠা:হৰিশ্চন্দ্ৰ উপাখ্যান.djvu/৭৭

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৭৩
হৰিশ্চন্দ্ৰ উপাখ্যান।

একেখানী ভাৰ্য্য়া মোৰ আতি সুকুমাৰী।
প্ৰাণ সম আমাৰ প্ৰথম ৰিহা নাৰী॥
কৰ্ম্ম কৰিবাক নেদো দুখ পাইবে ডৰে।
পানী আনি আপুনি ৰন্ধন কৰো ঘৰে॥ ৩০৪
তোৰ ভাৰ্য্য়া দেখো এই স্বভাৱে সুথিৰ।
কৰ্ম্মত কুশল হৈবে সুদৃঢ় শৰীৰ॥
এহক দামী পাইলে ভাল পাইবে ব্ৰাহ্মণী।
যেন লাগে লইবি ধন মই নিবো কিনি॥ ৩০৫
ব্ৰাহ্মণৰ শুনি বজ্ৰ সমান বচন।
মহাদুখে নৃপতিৰ বিদাৰিলা মন॥
মাতিবাক নপাৰিয়া ৰাজা সেই টালে।
গোৰ কটা গাছ যেন পড়িল নিঢালে॥ ৩০৬
উঠ কিবা লইৰি বুলি ব্ৰাহ্মণে মাতন্ত।
অচেতন ভৈল ৰাজা নেদন্ত সিদ্ধান্ত॥
কণ্ঠৰ নোলাই মাত বিহবল পৰাই।
তবধ নয়নে ৰাজা থাকিলন্ত চাই॥ ৩০৭
হেন দেখি দ্বিজৰ কুপিত ভৈল মন।
আপোন গাঠিৰ শোলকাই আনি ধন॥
ৰাজাৰ আৱৰ বাৰুলীত বান্ধি থৈলা।
উঠ অৰে দাসী বুলি মাতিবাক লৈলা॥ ৩০৮