পৃষ্ঠা:হৰিশ্চন্দ্ৰ উপাখ্যান.djvu/৭৩

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৬৯
হৰিশ্চন্দ্ৰ উপাখ্যান।

টেম্বুয়া নিবন্ধে গ্ৰাম   বটদ্ৰৱা যাৰ নাম,
  লোহিতক জ্বলে অনুকূল।
ভৈলা সেহি গ্ৰামেশ্বৰ,   যাৰ নাম ৰাজধৰ,
  দানে মানে যাক নাহি তুল॥
অতিথি অৰ্চ্চাত পৰে,   আন চিন্তা নাহি ঘৰে,
  সৰ্ব্বদায়ে আনন্দ উৎসৱ।
তান পুত্ৰ ভৈলা চাৰি,   সূৰ্য্য়বৰ মুখ্য কৰি,
  হলায়ুধ জয়ন্ত মাধৱ॥ ২৮৯
জ্যেষ্ঠ ভৈলা সূৰ্য্য়বৰ,   মহা বড়া দেশধৰ,
  নামত কায়স্থ কুল দীপ।
মহাদাতা হেন শুনি,   ব্ৰাহ্মণ সজ্জন শুনি,
 চলি যান্ত যাহাৰ সমীপ॥
তানেভৈলা গৰ্ভেশ্বৰে,   মহামানি বংশধৰ,
  প্ৰসিদ্ধ কুসুম নাম যাৰ।
ভৌমিকৰ বুঢ়া মানি,   দাতাৰ আগত গণি,
  যাৰ যশে ব্যাপিল সংসাৰ॥ ২৯০
তান পুত্ৰ অল্পমতি,   শঙ্কৰে কৰিয়া নতি,
  কৃষ্ণ পাৱে ৰচিলা পয়াৰ।
শুনা সবে বুধ জনে,   সৱিশেষ জানে কোনে,
  পুৰাণৰ কথা তত্ব সাৰ॥