পৃষ্ঠা:হৰিশ্চন্দ্ৰ উপাখ্যান.djvu/৭১

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৬৭
হৰিশ্চন্দ্ৰ উপাখ্যান।

সেহি বেলা বিশ্বামিত্ৰ,   উগুল থুগুল চিত,
  ঊঠন্তে বৈসন্তে চান্ত বেলি।
হৃদয়ত এহি ধ্যান,   পাইবোঁ আজি মই দান,
  ৰাজা দিবে সূৰ্য্য় অস্তভৈলে॥
থাকিব নোৱাৰো বসি,   উঠি লৰিলন্ত ঋষি,
  যথাত আচন্ত ৰাজা পৰি।
হাতে দণ্ড কান্ধে ছাতি,   দেখিয়া কুমৰে আতি,
  আই বাপ বুলি দিলে গেৰি॥ ২৮৪
ঋষিৰ মূৰ্ত্তিক দেখি,   লুকায়া মুদিল আখি,
  নৃপতিৰ বুকুৰ সান্ধিত।
বিশ্বামিত্ৰ দেখে পাছে,   মূৰ্চ্ছা গৈয়া পৰি আছে,
  মহাৰাজা ভাৰ্য্যাৰ সহিত॥
বিমূৰ্চ্চিত দেখি আতি,   দক্ষিণা হেৰাইল বুলি,
  বসিলন্ত অধোমুখ কৰি।
সুখ নাহি উঠি যান্ত,   নিহালি নিহালি চান্ত,
  জানো ৰাজা আছে ছল ধৰি॥ ২৮৫
কান্ধে ঘট ধৰি আনি,   মাথাত ঢালন্ত পানী,
  উঠ উঠ হৰিশ্চন্দ্ৰ ৰাই।
দিয়া ধন দক্ষিণাৰ,   কান্ধৰ গুছায়ো ভাৰ,
  ধৰুৱাৰ কৈতো সুখ নাই।