পৃষ্ঠা:হৰিশ্চন্দ্ৰ উপাখ্যান.djvu/৭০

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৬৬
হৰিশ্চন্দ্ৰ উপাখ্যান।

এবেসে জানিলো আমি,   মৰিলাহা প্ৰাণস্বামী
  তোমাক পাইলেক মহাকালে।
এহি বুলি পটেশ্বৰী,   ৰাজাৰ গাৱক এড়ি,
  পৃথিবীত পৰিলা নিঢালে॥ ২৮১
ৰাজায় দেখন্ত আতি,   বিমূৰ্চ্চিল ভৈল সতী,
  মুখৰো হৰিল মাত বোল।
ৰোহিতাশ শিশু দেখি,   ক্ষুধায়ে কান্দিলা আতি
  মাৱৰ চাপিলা আতি কোল॥
আই দিয়া অন্নপান,   ভোকে হেৰা যাই প্ৰাণ,
  উঠা বুলি গলত বান্ধই।
হেৰা ছোৱা সুখাই মুখ,   নোৱাৰো সহিব দুখ,
  এহি বুলি কুমৰে কান্দই॥ ২৮২
মোক কোলে লোৱা তুলি,   হেৰা চোৱা পুত্ৰ বুলি,
  হাতে ধৰি ঝঙ্কাৰে ৰাজাক।
ভোকে গাৱ নুহি থিৰ,   দিয়া ঘৃত লাড়ু ক্ষীৰ,
  কোলাত বসিয়া খাইবো তাক॥
কতেক ঘুমটি পাৰা,   মোক কেনে ভোকে মাৰা,
  বুলি কান্দে নৃপতি নন্দন।
আছাৰয় হাত ভৰি,   মনত বিকল কৰি,
  গেৰি পাৰি কৰন্ত ক্ৰন্দন॥ ২৮৩