পৃষ্ঠা:হৰিশ্চন্দ্ৰ উপাখ্যান.djvu/৬৯

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৬৫
হৰিশ্চন্দ্ৰ উপাখ্যান।

যিটো ৰাজা হৰিশ্চন্দ্ৰ,   শ্ৰীমন্ত যেহেন ইন্দ্ৰ,
  বুদ্ধি বলে বিষ্ণুৰ সমান।
সসাগৰা বসুমতী,   তৃন যেন কৰি মতি,
  ঋষিক উচৰ্গি দিলা দান॥
আনো যত হস্তী ঘোড়া,   তাৰ কোনে পাৱে ওৰা,
  ব্ৰাহ্মণক দিলা মহাৰাই।
সিটো ভৈল ভিক্ষু প্ৰাই,   দক্ষিণা দিবাৰ নাই,
  ঋষিৰ ভয়ত ধাতু যাই॥ ২৭৯
হৰি হৰি বিধি তোৰ,   কত অপৰাধ ঘোৰ,
  চিন্তিলন্ত এন্তে মহামতি।
আঙ্ক কিবা শত্ৰু বুলি,   এতেক দুৰ্গতি দিলি,
  কৰিলাহা হেনসে বিপত্তি॥
সুগন্ধ চন্দন যাৰ,   গাৱে ঘসি মল কাঢ়ে,
  ৰত্ন অলঙ্কাৰ বিৰচিত।
সিটো কাল কৈক গৈল,   হেনসে বিপত্তি ভৈল,
  এবে যেন নাটয় মাটিত॥ ২৮০
উঠা উঠা প্ৰাণ ,   মোক ছোৱা তুলি মাথ,
  মোৰ গাৱে অগনি জলয়।
দিয়া মোক সমিধান;   যুড়াইবো সমস্তে প্ৰাণ,
  হেৰা মই মাতো মহাদই॥