পৃষ্ঠা:হৰিশ্চন্দ্ৰ উপাখ্যান.djvu/৬৮

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৬৪
হৰিশ্চন্দ্ৰ উপাখ্যান।

দেখি শৈব্য়া মাথা তুলি,   বুড়িল বুড়িল বুলি,
  আঙ্কোৱালি ধৰিলা স্বামীক।
শিৰত সিঞ্চন্ত পানী,   বোলন্ত মধুৰ বাণী,
  প্ৰাণ এড়িবাক চাহ কিক॥ ২৭৬
চক্ষু মেলি ছোৱা মোক,   খণ্ডোক দাৰুণ শোক,
  হিয়াৰ গুছুক ভকভকি।
তযু অত দুখ দেখি,   কেনে আছো প্ৰাণ ৰাখি
  কান্দন্ত সুন্দৰী মকমকি॥
সুবৰ্ণৰ সিংহাসন,   ৰত্নময় বিতোপন,
  তাতে তুলি কোমল বিছাই।
তাত থাকা নিদ্ৰা কৰি,   এৰে পৃথিৱীত পড়ি,
  কেনেনিদ্ৰা গৈলা মহাৰাই॥ ২৭৭
পৃথিবীৰ ৰাজাগণে,   খাটিলেক সৰ্ব্বক্ষণে,
  নম্ৰভাৱে ভৃত্য় হেন মান।
ভাণ্ডাৰ সুবৰ্ণ ময়,   দিলা মহাৰত্ন ছয়,
  কোটি কোটি ব্ৰাহ্মণক দান॥
ৰাজ ব্ৰহ্মভোজৰোল,   লঙ্ঘিল স্বৰ্গৰ কোল,
  সঙ্গে বহিলেক পঞ্চামৃত।
সিটো আজি নৰেশ্বৰে,   দক্ষিণা দিবাক ডৰে,
  মহাৰাজা পডিল ভূমিত॥ ২৭৮