পৃষ্ঠা:হৰিশ্চন্দ্ৰ উপাখ্যান.djvu/৬২

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৫৮
হৰিশ্চন্দ্ৰ উপাখ্যান

এহি হোক বুলি ঋষি মাতিলা ৰাজাক।
পাকদিয়া আছো আজ্ঞালৈয়া আপোনাকৈ॥
ইবেলিয়ো আসিলে পাতস কাপ জাপ।
সৰ্ব্বনাশ কৰো তেবে দিয়া ব্ৰহ্মশাপ॥ ২৫১
হেন বুলি বিশ্বামিত্ৰে পশিল নগৰ।
নৃপতিক পাই আসি মহাচিন্তা জ্বৰ॥
যেন ঘোৰ নিৰ্ঘাত পড়িল আসি মাথে।
অধোমুখে বসিয়া গুণন্ত নৰনাথে॥ ২৫২
কোন কৰ্ম্ম কৰো আৰে যাইবো কৈক লাগি।
কৈত মিত্ৰ আছে কৈত ধন পাইবো মাগি॥
আপোনাৰ মুখে মই বুলি আছো বাক।
কেনমতে দিবো আজি সিটো দক্ষিণাক॥ ২৫৩
কত কদৰ্থনা আউৰ সহিবো ঋষিৰ।
এক মনে বোলো এড়ো আপোন শৰীৰ॥
তথাপিতো ব্ৰহ্মস্ব থাকিবে মোত বহি।
যত বংশ হইবে তাকো মাৰিবেক দহি॥ ২৫৪
ব্ৰহ্মত্ব বহিলে মোৰ নুহিবে নিস্তাৰ।
কত জন্ম পলু হৈৱা থাকিবো বিষ্ঠাৰ॥
এহি বুলি মনে মনে গুণন্ত নৃপতি।
এবে কোন উপায়ে নবাইৰো অধোগতি॥