পৃষ্ঠা:হৰিশ্চন্দ্ৰ উপাখ্যান.djvu/৬১

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৫৭
হৰিশ্চন্দ্ৰ উপাখান।

ভাৰ্য্য়াযে সহিতে প্ৰণামিলা মহাবলী।
ঋষিক বোলন্ত ৰাজা কৰি কৃতাঞ্জলি॥
পাদ্য অৰ্ঘ্য দিবো হেন নাহি একোধন।
সেৱাতে ভৃত্যক প্ৰতি হয়োক প্ৰসন্ন॥ ২৪৬
ভাৰ্য্যাক পুত্ৰক লোৱা নুহি মোৰ প্ৰাণ।
বুলিযোক শীঘ্ৰে যদি কাৰ্য্য থাকে থান॥
ঋষিয়ে বোলন্ত আন নাহি প্ৰয়োজন।
যেন লাগে দিয়ো মোক দক্ষিণাৰ ধন॥ ২৪৭
আপোনাৰ মুখে খান্তা কৰি দিলি আশ।
আজিয়েৰে নৃপতি সম্পূৰ্ণ ভৈল মাস॥
দিনা চাৰি ভৈলে আসি আছো বাট চাই।
চাহান্তে চাহান্তে তোক আক্ষিয়ো দুখাই॥২৪৮
যেন বুলি আছা আবে সুমৰা তাহাক।
শীঘ্ৰকৰি দিয়োক যজ্ঞৰ দক্ষিণাক॥
আজি আউৰ ভাণ্ডিবে নোৱাৰা মহাৰাজ।
দক্ষিণা কাৰণে আইলো এড়ি ৰাজ কাজ॥ ২৪৯
ৰাজা বোলে যদি অজি পূৰ্ণ ভৈল মাস।
আঊৰ কিছু বুলিবে মোহোৰ নাহি সাস॥
কিন্তু আছে এভো দেখা দুইপৰ সীমা।
ইয়ো বেলি খানি মোক কৰিয়োক ক্ষমা॥ ২৫০