পৃষ্ঠা:হৰিশ্চন্দ্ৰ উপাখ্যান.djvu/৬০

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৫৬
হৰিশ্চন্দ্ৰ-উপাখ্য়ায়।

সৰ্ব্বকালে যাত বিশ্বনাথ অধিকাৰী।
তৈকে লাগি যাওঁ উঠিয়োক বৰ নাৰী॥
মই লৈয়া যাওঁ আবে কুমৰক কোলা।
তোমাৰ বোলানে যাওঁ ধীৰে ধীৰে চলা॥ ২৪১
পুত্ৰ কোলেকৰি লড়িলন্ত মহাভাগে।
মহাদৈয়ো যান্ত নৃপতিৰ আগে আগে॥
দণ্ডেকৰ পথত দিনেক যাই বহি।
বঞ্চন্ত ৰজনী মঠ মণ্ডপত ৰহি॥ ২৪২
কতো গৃহস্থৰ ঘৰে লন্ত গৈয়া বাস।
কতো দিনা নৃপতিৰ পৰৈ উপবাস॥
একোকে নপাই কতো ৰহিবাষ বনে।
শৰীৰ বিবৰ্ণ ভৈল ৰৌদ্ৰ বৰষুণে॥ ২৪৩
নাহি অন্ন বস্ত্ৰ সবে বাকলি বসন।
ভিক্ষায়ে ভোজন ভৈলা ভূমিত শয়ন॥
ধূলায়ে ধূসৰ তনু চিনন নযাই।
হেন মহাকষ্টে দুখে, যান্ত মহাৰাই॥ ২৪৪
কতোদিনে পাইলা গৈয়া পুৰী বাৰাণসী।
আগভেন্টি বিশ্বামিত্ৰ ঋষি আছে বসি॥
দেখি নৃপতিৰ সিহৰিল সৰ্ব্ব গাৱ।
প্ৰদক্ষিণে ঋষিৰ নমিলা দুই পাৱ॥ ২৪৫