অসংখ্যাত নাৰী যাক। সৰ্ব্বক্ষণে সেৱৈ তোক॥
চামৰে ধৰিয়া ঢুলে। সুবৰ্ণৰ চতুৰ্দ্দোলে॥ ২২২
অন্তেষ পুৰত ফুৰৈ। নেত্ৰ কান্দোৱানে ঘুৰৈ॥
সিটো প্ৰাণ পটেশ্বৰী। হাণ্ঠি যাইবে কেন কৰি॥ ২২৩
এখনে ভাগিল ৰথ। কেনে যাইবো দূৰ পথ॥
হাহা বিধি কিনো দুখ। শৈব্যাৰ মুখত মুখ॥ ২২৪
দিয়া কান্দৈ মহাৰাই। নেত্ৰ জল বহি যাই॥
ফোকাৰে নিশ্বাস আতি। হা প্ৰিয়া বুলি মাতি॥ ২২৫
তোৰ শোকে দেহা দহে। মোৰ কি হৃদয়ে সহে॥
এহি বুলি কৰা মন্য়ু। হাতে মাৰ্জ্জিলন্ত তনু॥ ২২৬
সিঞ্চিল শিৰত জল। দেহা ভৈলা অবিকল॥
কতো বেলি প্ৰাণ আইল। শৈব্যা চক্ষু মেলি চাইল॥ ২২৭
নৃপতি কান্দন্ত ধৰি। হেন দেখি পটেশ্বৰী॥
ৰাজাৰ ধৰিয়া পাৱে। বুলিলন্ত বহুভাৱে॥ ২২৮
সপ্ত পৃথিবীৰ পতি। তোমাৰ হেনসে গতি॥
প্ৰসন্ন কৰিয়ো মুখ॥ কিছু নোহে শোক দুখ॥ ২২৯
ক্ষণেকতে হোৱে নষ্ট। আকে লাগি কেনেকষ্ট॥
জানা সবে শাস্ত্ৰ ধৰ্ম্ম। কেনে তুমি কৰা মৰ্ম্ম॥ ২৩০
সংসাৰ স্ৰজিলাবিধি। যেন স্বপনৰ নিধি॥
জাগিলে সমস্ত হৰৈ। কোনে মোৰ বুদ্ধি কৰৈ॥ ২৩১
পৃষ্ঠা:হৰিশ্চন্দ্ৰ উপাখ্যান.djvu/৫৮
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
৫৪
হৰিশ্চন্দ্ৰ উপাখ্যান।