পৃষ্ঠা:হৰিশ্চন্দ্ৰ উপাখ্যান.djvu/৫৭

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৫৩
হৰিশ্চন্দ্ৰ উপাখ্যান।


ঝুমুৰী।

মহাখেদ পাইলা শান্তী।  প্ৰয়াসিত ভৈলা আতি।
উণ্ঠ কণ্ঠ সুখাই মুখ।  সহিবে নোৱাৰে দুখ॥ ২১৪
পড়িলন্ত পৃথিবীত।  ভৈলা আতি বিমোহিত।
নাহি একো শ্ৰুতি জ্ঞান।  উড়িগৈলা ধাতু প্ৰাণ॥২১৫
যেন পাত ভৈল আয়ু।  নাসাত নাসয় বায়ু।
মৃতকৰ যেন থান।  দেখি ৰাজা বিদ্যমান॥ ২১৬
হাহামৰে প্ৰাণেশ্বৰী।  আথে বেথে গলে ধৰি।
শিৰত সিঞ্চন্ত জল।  দহে দেহা শোকানল॥ ২১৭
চিয়ান্ত সাবটি ধৰি।  উঠ উঠ প্ৰাণেশ্বৰী।
কৰা কেনে অযুগুত।  কান্দৈ ৰোহিতাশ্ব পুত্ৰ॥ ২১৮
কৰায়োক স্তন পান।  কেনে নেদা সমিধান॥
ফুটিযাই মোৰ প্ৰাণ।  আপোনহি সৰ্ববজান॥ ২১৯
সৰ্ব্বকালে বুজা মোক।  নেমাতা স্নেহৰ পোক॥
কিনো ভৈলা নিদাৰুণ।  কতেক বৰ্ণাইবো গুণ॥ ২২০
ৰত্বৰ শয্যাত শোস।  তভো নাহি পৰিতোষ।
আজি পৃথিবীত চলি।  পড়ি সুখে নিদ্ৰা গৈলি॥২২১