পৃষ্ঠা:হৰিশ্চন্দ্ৰ উপাখ্যান.djvu/৫৩

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৪৯
হৰিশ্চন্দ্ৰ উপাখ্যান।

সেহি বেলা পাঞ্চ বিশ্বদেৱ আসিলন্ত।
মহ দৈক দেখিবা অশেষ কান্দিলন্ত॥
হৰি হৰি মহাশান্তী শৰীৰ নসহে।
তোমাৰ দুখত সকলোৰে দেহা দহে॥ ১৯৪
হৰিশ্চন্দ্ৰ ৰাজাৰ তুমিসে পটেশ্বৰী।
কোন সহে পাপীষ্ঠে কোবাৱে দণ্ড ধৰি॥
আকা'তে পাকিয়া কৰন্ত হাহাকাৰ।
হা হৰিশ্চন্দ্ৰ কিনো অৱস্থা তোমাৰ॥ ১৯৫
এক চত্ৰ ৰাজা তুমি সাতো পৃথিবীৰ।
কৃষ্ণৰ ভকত সন্ত সোহৃদ শৰীৰ॥
যাহাৰ যজ্ঞত নদী বহিলেক ঘৃতি।
সমস্ত দেৱতা ভৈল পৰম তৃপিতি॥ ১৯৬
হেন মহা বৈষ্ণৱ নৃপতি ধৰ্ম্মশালী।
ইহাক খেদাইল ঋষি দেশক নিকালি॥
দেৱ দ্বিজ পিতৃৰ খণ্ডাইলে সবে আশ।
দুৰ্ঘোৰ নৰকে পাপী তোৰ হৈব বাস॥ ১৯৭
আজিসে আমাৰ সবে আশা ভৈল ছেদ।
পাপী বিশ্বামিত্ৰ ঋষি দিলে হৃদি খেদ॥
ৰাজাক ডকায়া সবে লৈলে ৰাজ্য ভাৰ।
তথাপিতো মনে ক্ষমা নাই দুৰাচাৰ॥ ১৯৮