পৃষ্ঠা:হৰিশ্চন্দ্ৰ উপাখ্যান.djvu/৫২

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৪৮
হৰিশ্চন্দ্ৰ উপাখ্যান।

এহি বুলি দুনাই কোবাৱন্ত দণ্ড ধৰি।
তথাপিতো মহাশান্তী শৈব্যা পটেশ্বৰী॥
ধৰ্ম্মক চাহন্তে একো নেদন্ত সিদ্ধান্ত।
ত্ৰহি কৃষ্ণ কৃষ্ণ সুমৰন্ত মাত্ৰ যান্ত॥ ১৮৯
কুমৰে আটাস পাৰে মাৱৰ কোলাত।
নৃপতিক লাগি উঠি মেলৈ দুই হাত॥
ঋষিৰ মুৰ্ত্তিক দেখি কাম্পে তৰ তৰি।
চক্ষু মুদি লুকাইল মাৱৰ গলে ধৰি॥ ১৯০
নৃপতিয়ো আন একো নোবোলন্ত বাক।
ঝান্তে আহা বুলি নেন্ত আজুৰি শৈব্যাক॥
আইস প্ৰাণেশ্বৰী বুলি লৈ যান্ত ঘসাই।
ৰোহিতাশ্ব কান্দে নৃপতিৰ মুখ চাই॥ ১৯১
হেন দেখি প্ৰজা সবে কৰে হাহাকাৰ।
হৰি হৰি মাৱ কিনো বিপত্তি তোমাৰ॥
চন্দ্ৰ সূৰ্য্যে দেখিবাক নপান্ত যাহাক।
কৈৰ বনবাসী আসি কোবাৱৈ তোমাক॥ ১৯২
মহাশান্তী আইৰ আবে হেনসে বিলাই।
কেনমতে নৃপতি আগত আছা চাই॥
এবেসে জানিলো হৰিশ্চন্দ্ৰ তুমি মৰা।
এহি.বুলি কান্দৈ প্ৰজা অন্তৰৰ পৰা॥ ১৯৩