পৃষ্ঠা:হৰিশ্চন্দ্ৰ উপাখ্যান.djvu/৫১

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৪৭
হৰিশ্চন্দ্ৰ উপাখ্যান।

জানিলো লৈবাক চাস মোৰ ৰাজ্য কাঢ়ি।
ধিক ধিক ধৰ্ম্মহীন হৰিশ্চন্দ্ৰ হাৰী॥
বচন যতেক তোৰ যেন জল ৰেখা।
মোহোৰ আগত পাপী ৰাজা হেন দেখা॥ ১৮৪
মোত ঘাঞ্চ লগাই তোৰ জীবে হেন সাস।
পুনু ৰাজ্য লৈবে লাগি প্ৰজাৰ চাপ পাশ॥
আজি কোবাই ভাঙ্গিবোহো তোৰ মুণ্ড খুলি।
এহি বুলি খেদি ঋষি যান্ত দণ্ড তুলি॥ ১৮৫
হেন দেখি নৃপতি কান্দন্ত তৰ তৰি।
যাওঁ যাওঁ বুলি চলি যান্ত শীঘ্ৰ কৰি॥
মহা দৈক হাতত ধৰিয়া লৈয়া যান্ত।
আইস আইস বুলিয়া পাছক লাগি চান্ত॥ ১৮৬
মহা শান্তী চাৰু দেহা আতি সুনিৰ্ম্মল।
ভাগৰে পীড়িলা আতি বহে ঘৰ্ম্ম জল॥
আউল ভৈল কেশ মুখ হুই তৰ তৰি।
যাইবে নোশ্বাৰন্ত ৰাজা লৈযান্ত আজুৰি॥ ১৮৭
দেখি মহা কোপে বিশ্বামিত্ৰ দণ্ড তুলি।
কোবাইৰে লাগিলা মহাদইক মন্দ বুলি॥
হাউৰে পাপীষ্ঠি কেনে নকাঢ়স পাৱ।
এভোৰাজ সুখ বুলি ঘেলাৱস গাৱ॥ ১৮৮