পৃষ্ঠা:হৰিশ্চন্দ্ৰ উপাখ্যান.djvu/৪৮

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৪৫
হৰিশ্চন্দ্ৰ উপাখ্যান।

ধৰিৰে নোৱাৰি চিত,   ভৈলা ৰাজা বিমোহিত,
 দেখিলন্ত শোকৰ যমক॥ ,
প্ৰবোধিলা পটেশ্বৰী,   নিজ ধৰ্ম্ম মনে ধৰি,
 তবধ আচন্ত কতোক্ষণ।
শোকে গদ গদ মাত,   সবাহাঙ্কে বুলিলন্ত,
 শুনা সবে নৰ নাৰী গণ॥ ১৭৩
তুমি সবে হেন কৰা,   আমাৰ বচন ধৰা,
 দাৰূণ সন্তাপ পৰিহৰা।
সুস্থ হুৱা নৰনাৰী,   যায়ো সবে ঘৰা ঘৰি,
 ঋষিক নৃপতি বুলি ধৰা॥
যেবে দয়া আছে মোক,   ওলটা সমস্তে লোক,
 কেনেবা ধৰন্ত ঋষি পাক।
নধৰিবা গুণ দোষ,   এড়া সবে অসন্তোষ,
 মৰা বুলি সন্তাপ আমাক॥ ১৭৪
মহাবেগে জল যেন,   এক থান হুয়া ফেণ,
 খানিতেক থাকি মিল যাই।
বান্ধৱৰ সমা গম,   জানিবাহা সেহি সম,
 অসাৰ সংসাৰ সমুদাই॥
বিচাৰত সবে মিছা,   তাক কোনে কৰে ইচ্ছা,
 যাৰ কিছু জ্ঞান সম্পজিল।