পৃষ্ঠা:হৰিশ্চন্দ্ৰ উপাখ্যান.djvu/৪৭

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
8৩
হৰিশ্চন্দ্ৰ উপাখ্যান।

সমস্তে মৰ্য্যদা গৈল,   হেনসে বিপত্তি ভৈল,
 শৰীৰ দগধ কৰি শোকে॥ ১৭০
হৰি হৰি ৰোহিতাশ্ব,   পাঞ্চ বৰিষতে বাপ,
 বঞ্চিলেক অযোধ্যাৰ ভোগে।
কিবা পাপ আছ কৰি,   হেন দুখী দেশান্তৰী,
 ভৈলি তই কোন দৈব যোগে॥
দুগ্ধ পীয়া লাড়ু আনি,   পথে দিব কোনে আনি,
 ক্ষুধাত নপাইবে অন্ন পান।
হৰিশ্চন্দ্ৰ শৈব্যা শান্তী,   তোৰ দুখ দেখি আতি,
 জানিলোহো সঙ্কলীবে প্ৰাণ॥ ১৭১
ৰহ ৰহ মহাৰাই,   তুমি বিনা প্ৰাণ যাই,
 হেন জানা সবে আমি মৰা।
বচনে আশ্বাস বুলি,   খণ্ডায়োক গুণ গালি,
 হৃদয়ৰ শৰক উদ্ধাৰা॥
এহি বুলি বাট ভেণ্টি,   পাৰৈ সবে লোটালুটি,
 নৃপতিক যাইবাক নেদই।
প্ৰজাৰ সন্তাপ দেখি,   চল চল কৰে আখি,
 ৰহিলন্ত ৰাজা মহাদই॥ ১৭২
লোকৰ কাৰুণ্য বাণী,   শুনি মৰ্য্য জানিলেক,
 অন্তগতে দহে শৰীৰক।