পৃষ্ঠা:হৰিশ্চন্দ্ৰ উপাখ্যান.djvu/৪৬

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
৪২
হৰিশ্চন্দ্ৰ উপাখ্যান।

দশন মুকুতা পান্তি,  হাস্য চন্দ্ৰমাৰ কান্তি,
 সৰ্ব্বগুণে সুকুমাৰ তনু॥
আজি লাগি মাটি ধূলি,  নজানিব ৰাজাবুলি,
 দেহা হইবে মলিন কুবেশ।
নিতে ভিক্ষা কৰি আনি,  আবে জীবা তিনি প্ৰাণী,
 কোনে বিধি দিলে হেন ক্লেশ॥ ১৬৮
হা মাৱ মহাদই,  চন্দ্ৰে সূৰ্য্যে নেদেখয়,
 তোৰ মুখ কমল ৰুচিৰ।
সুবৰ্ণ প্ৰতিমা সম,  জ্বলৈ দেহ নিৰূপণ,
 গজ গতি গমন গম্ভীৰ॥
ৰত্নৰ অলকা পাতি,  যাৰ আঙ্গুলীৰ কান্তি,
 মুখ চন্দ্ৰ বিজুলী প্ৰকাশ।
যাক চন্দ্ৰ সূৰ্য্য দেৱ,  নেদেখন্ত একো কালে,
 হেন মাৱ ভৈলন্ত উদাস॥ ১৬৯
এখনে সুখাইল মুখ,  কিমতে সহিবো দুখ,
 দুৰ্ঘোৰ দুঃসহ পথ শ্ৰম।
শৰীৰ আসিল ঘামি,  দেখি কেনে জীও আমি
 নভৈল আমাৰ কেনে যম॥
সহ্য় পতিব্ৰতা শান্তী,  ভূমি পাৱে চলি যান্তি,
 তাহাক দেখিয়া সৰ্ব্বলোকে।