পৃষ্ঠা:হৰিশ্চন্দ্ৰ উপাখ্যান.djvu/৪২

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩৮
হৰিশ্চন্দ্ৰ উপাখ্যান।

নাহিকে সহায় লগে ভাৰ্য্য়া পুত্ৰ মাত্ৰ।
বাকলী বসন অলঙ্কাৰ জল পাত্ৰ॥
আজি খাইবে নাই ভৈলা ভিক্ষুকৰ বেশ।
এহিমতে মহা দুখ লভিল বিশেষ॥ ১৫৫
স্বামীৰ পাছত সৈব্যা শান্তী চলিযান্ত।
শিশু কাল হন্তে নতু গৃহৰ বজান্ত॥
নয়ন পুত্তলি যেন সুকোমল কাই।
প্ৰত্যেক ভৰিত ফুটি ৰুধিৰ বজাই॥ ১৫৬
কতোদূৰ যান্তে ভৈলা পীযসে বিকল।
শৰীৰ ঢাকিয়া বহি যায় ঘৰ্ম্মজল।
তৰ তৰি শুখাই আতি বদন মণ্ডল।
শিশিৰ লাগিযা যেন সঙ্কোচ কমল॥১৫৭
আগক নচলে আউৰ সুকোমল পাৱ।
পথ শ্ৰমে পীড়িলেক মুখে নাসে ৰাৱ॥
ৰাজাক বোলন্ত প্ৰভো কহিয়ো প্ৰমাণ।
আউৰ কত বেলি পাইবো ৰহিবাৰ স্থান॥ ১৫৮
হেন শুনি হৰিশ্চন্দ্ৰ ভৈলা অধোমুখ।
হায় বিধি দুখৰ উপৰি দিলা দুখ॥
পদুলীৰ বাজ নতু হান্তে সোধে কথা।
জানে হইবেক আৰু কমন অৱস্থা॥ ১৫৯