পৃষ্ঠা:হৰিশ্চন্দ্ৰ উপাখ্যান.djvu/৪

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

  ৺মহাপুৰুষ শ্ৰীশ্ৰীশঙ্কৰদেৱ ৰচিত অসমীয়া ভাষাৰ হৰিশ্চন্দ্ৰ উপাখ্যান পুথি খনি প্ৰকাশৰ নিমিত্তে লেটুগ্ৰাম সত্ৰৰ শ্ৰীল শ্ৰীযুতঋষভ চন্দ্ৰ অধিকাৰ গোস্বামীয়ে সম্পূৰ্ণ উৎসাহ দি আজ্ঞা কৰাত নিজ ধৰ্ম্ম ও ভাষা হিতৈষী শ্ৰীযুতকমল চন্দ্ৰ গোস্বামীয়ে আমাৰ দ্বাৰা সংশোধিত কৰাই এই পুথি খনি প্ৰকাশ কৰিছে ই অতি সন্তোষৰ বিষয়। আমাৰ আসামৰ এনে পুৰণা পুথিৰ প্ৰায় নাম নুমাব লগাত পৰিল, তাৰ ফালে ভদ্ৰ বা অসমীয়া সকলে পিঠি দি কেৱল বঙ্গভাষাৰ ভাটিয়লীয়া পুথি পঢ়ি হে ভাল পোৱাহে হৈছে, এই হেতুকে এনে একোজন নিজ ধৰ্ম্ম ও ভাষাৰ উন্নতি সাধনৰ লোক নোহোৱা হলে একে বাৰেই সৰ্ব্বনাশ। এই কাৰণে শ্ৰীযুত কমল চন্দ্ৰ গোস্বামীয়ে নিজৰ অৰ্থ ব্যয় কৰি ধৰ্ম্ম সম্বন্ধীয় অন্যান্য পুথি বিলাক প্ৰকাশ কৰাত তেওক সহশ্ৰ ধন্যবাদ নিদি থাকিব নোৱাৰি। ভবিষ্যত প্ৰকাশকৰ এই দৰে উৎসাহ বঢ়াই ধৰ্ম্মানুৰাগী ও ভাষাৰ হিতাকাঙ্ক্ষী মহাত্মা সকলে একো খনি গ্ৰহণ কৰাৰ প্ৰাৰ্থনা হয়। আৰু এই পুথি খনিৰ চানেকি প্ৰবন্ধে বিচাৰি এখনিৰ বাজে অধিক পোৱা নহল পোৱ খনিৰো অৱস্থা বৰ ভাল নাছিল। এই হেতু মহাবিজ্ঞ সদাশয় মাহাত্মা সকলে কোনো ভুল-দেখালে উপকাৰ মানিম। দোষজ্ঞ সকলেদোষ পৰিত্যাগ কৰি গুণ কৰাৰ প্ৰাৰ্থনা। কিমধিকং বিজ্ঞা পয়ামি।

শ্ৰীতীৰ্থনাথ সত্ৰাধি পতি গোস্বামী

ধ’ল সত্ৰ, যোৰহাট

⸻0:⸻