এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩৫
হৰিশ্চন্দ্ৰ উপাখ্যান।
লযোক বুলিয়া ৰাজা দেন্ত আগবাঢ়ি।
তথাপিতো ক্ৰোধত আপোনি লন্ত কাঢ়ি॥
পৰম আক্ৰোষি ঋষি অল্প ক্ষমা নাই।
বাকলি পিন্ধায়া বস্ত্ৰ লৈলা শোলোকাই॥১৪০
দেখি সৈব্যা আপোনি কাঢ়ন্ত অলঙ্কাৰ।
দেখিয়া ক্ৰন্দন কৰে অবোধ কুমাৰ॥
দেখি ঋষি খঙ্গে খেদি গৈলা আগবাঢ়ি।
ভূমিত পেলাই অলঙ্কাৰ লৈলা কাঢ়ি॥ ১৯১
আই বাপ বুলি পাৰে কুমৰে আতাস।
বিপৰীত দেখি সৰ্ব্বজন মন ত্ৰাস॥
নমাতি আচন্ত চাই ৰাজা মহাদই।
আপোন ইচ্ছায়ে ঋষি গৈলা কাঢ়িলই। ১৪২
পটেশ্বৰী মাতন্ত পুত্ৰক কোলে ধৰি।
উঠ উঠ পুতাই ক্ৰন্দন পৰি হৰি॥
দেশান্তৰি ভৈলে কি কৰিবে অলঙ্কাৰ।
তোহোৰসে দুখে দুখ তৈলেক আমাৰ॥ ১৪৩
এহি বুলি লৰিগৈলা কুমৰক লই।
হৰিশ্চন্দ্ৰ পাচত আগত মহাদই॥
ভাৰ্য্য়াসমে বহুদুৰ যান্তে মহাৰাই।
ৰহৰহ বুলি ঋষি টাঙ্কিলা দুনাই॥ ১৪৪