পৃষ্ঠা:হৰিশ্চন্দ্ৰ উপাখ্যান.djvu/৩৮

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩8
হৰিশ্চন্দ্ৰ উপাখ্যান।

কৈক যাস পাপী বুলি উঠিগৈলা ৰাগ।
দণ্ডধৰি লৱৰিয়া ভেটিলন্ত আগ॥
কোবাইবে লাগিলা আতি দশন কামুৰি।
হৱৰ চাপৰ কাকো দেন্ত ঝাপ গুৰি॥ ১৩৫
মৰণক ভয়ে নাৰীগণ নিৰন্তৰে।
উলতিয়া লৰদিয়া পশিলন্ত ঘৰে॥
ভাৰ্য্যায়ে সহিতে ৰাজা ঋষিক প্ৰণামি।
বোলন্ত থাকিবা হেৰা চলিযান্ত আমি॥ ১৩৬
এহি বুলি নৃপতি চিত্তক দুৰকৰি।
চলি যান্ত হৰিষে সৈব্যাক আগ কৰি
কিঞ্চিতেক নাহি কয় কপট বিষন্ন।
দুই হস্তকো দেখি আতি প্ৰসন্ন বদন॥ ১৩৭
কতো দূৰ যান্তে ঋষি ভেটিলন্ত আগ।
জানিলো নৃপতি তোক তই যেন লাগ॥
অমূল্য যতেক ধন তোৰ অলঙ্কাৰ।
গাৱত লৈযাস মোৰ অৰ্দ্ধেক ভণ্ডাৰ॥ ২৩
অনেক টঙ্কাৰ বস্তু শৰীৰতে যাই।
কিবা দিলি নুবুজিলো তোৰ অভিপ্ৰাই॥
নৃপতি বোলন্ত কষ্ট নকৰিবা আত।
মনত নভৈল লৰি আসিলো হঠাত॥ ১৩৯