পাতনি।
৺মহাপুৰুষ গুৰু শ্ৰীশ্ৰীশঙ্কৰ দেৱ ৰচিত অসমীয়া ভাষাৰ হৰিশ্চন্দ্ৰ উপাখ্যান পুথি খনি লোপ হোৱাৰ সম্ভব দেখি মদ্ জ্যেষ্ঠ শ্ৰীশ্ৰীযুক্ত ঋষভ চন্দ্ৰ অধিকাৰ গোস্বামীয়ে এই পুথি খনি প্ৰকাশ কৰিবলৈ আজ্ঞা কৰাত, এই পুথি প্ৰবন্ধে বিচাৰ কৰি পুৰণি সাঁচি পতীয়া পুথি এখনি পাই ধল সত্ৰৰ শ্ৰীযুত তীৰ্থনাথ গোস্বামীৰ দ্বাৰা সংশোধিত কৰাই প্ৰকাশ কৰিলো। এই পুথিত মহা ধৰ্ম্মশালী হৰিশ্চন্দ্ৰ ৰাজাই ৰাজসূয় যজ্ঞ কৰি ত্ৰিভুবনত যশস্যা ৰাখে, শেযে বিশ্বামিত্ৰ ঋষিক সৰ্ব্বস্ব দান কৰি ৰাজ্যত্যাগী স্থানান্তৰী হৈ দক্ষিণাৰ অৰ্থে ব্ৰাহ্মণৰ ঘৰত পুত্ত্ৰ ভাৰ্য্যাক বিক্ৰী কৰে। সব শেষত নিজেও চাণ্ডালৰ ঘৰত বিক্ৰী গৈ দাসত্ব স্বৰূপে কাল যাপন কৰি থাকে। বাহ্মণক বিক্ৰী পুত্ত্ৰ সৰ্প দংশনত মৃত্যু হৈ পুনৰ কি স্বৰূপে জীৱন প্ৰাপ্ত হৈ তিনিও জনৰ সদ্গত্তি হয়, তাৰ অত্য়াশ্চাৰ্য্য বিশেষ বৃত্তান্ত ইয়াত সুললিত প্ৰয়াৰ চন্দেলিখা আছে, এই পুথি পাঠে ধৰ্ম্ম গ্ৰাহী সকলে যে চকুপানী নুটুকিব তাৰ কোনো সন্দেহ নাই। হৰিশ্চন্দ্ৰ উপাখ্যান পুথি খনিৰ সমান হৃদয় বিদীৰ্ণ হোৱা পুথি আৰু নাই। মহা ধৰ্মানুৰাগী সকলে এই পুথি পঢ়ি সদকৰ্ম্মৰ ফ’ অতি আবশ্যক।
শ্ৰীকমল চন্দ্ৰ গোস্বামী।