পৃষ্ঠা:হৰিশ্চন্দ্ৰ উপাখ্যান.djvu/২৯

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২৩
হৰিশ্চন্দ্ৰ উপাখ্যান।

অসাৰ সংসাৰ জ্ঞানী লোকে হেন কহে।
যিবা দেই বিবা খাই সেইমাত্ৰ ৰহে॥
অথিৰ শৰীৰ ক্ষণিকতে হোৱে চন্ন।
ইসে সাৰোত্তৰ নিৰন্তৰে দান পুণ্য॥ ৯৭
কহি গৈল দিল্লিপ সগৰ ভগীৰথ।
কহি গৈলা বলি আদি পৃথু মহাৰথ॥
মই হেন নৃপতি কতেক ভৈল ঠাই।
অসাৰ পৃথিবী কাৰো লগত নযাই॥ ৯৮
আপুনি কৰিবো আজি আক পৰিত্যাগ
মহাদান পুণ্য মৃত্যু ভৈলে দেই লাগ॥
এহি বুলি হাতে লৈয়া তিল কুশ জল।
দিলে ঋষি সসাগৰা পৃথিবী মণ্ডল॥ ৯৯
একেবাৰে বোলা মোৰ যত অধিকাৰ।
আজি ধৰি ভৈল সবে সৰ্ব্বস্ব তোমাৰ॥
হৰিষ বদনে ৰাজা বুলি এহি বাণী।
ঋষিৰ হাতত উৎসৰ্গিয়া দিলা পানী॥ ১০০
বিশ্বামিত্ৰ বোলন্ত সমস্ত পাইলো দান।
পৃথিবী আমাৰ ভৈল গোখোজ প্ৰমাণ॥
যেবে তই অকপটে দিলি মহাৰাই।
গুচি মোৰ ৰাজ্যৰ অন্য়ত্ৰ লৈয়ো ঠাই॥ ১০১