পৃষ্ঠা:হৰিশ্চন্দ্ৰ উপাখ্যান.djvu/২৮

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২২
হৰিশ্চন্দ্ৰ উপাখ্যান।

কিন্তু ৰাজসূয়ৰ দক্ষিণা দিয়া আগে।
পাছে দান খোজি লৈবো মোক যিবা লাগে॥
প্ৰথমতে যজ্ঞৰ দক্ষিণা আছে খুজি।
যেন লাগে দিয়োক আপোন মন বুজি॥ ৯২
নৃপতি বোলন্ত দক্ষিণাক দিবো পাছে।
আগে দান লৈয়ো মনে যেন ইচ্ছা আছে॥
হেন শুনি ঋষিয়ে বোলন্ত ভাল ভাল।
যেবে দান দিবা মোক শুনা মহীপাল॥ ৯৩
সসাগৰা পৃথিবীৰ যত অধীকাৰ।
গজবাজী প্ৰজা যত ৰত্নৰ ভণ্ডাৰ॥
গ্ৰাম্য দেশ পৰ্ব্বত যতেক বনস্থলি।
সমস্তে দিয়োক মোক প্ৰতিজ্ঞা সাম্ফলি॥ ৯৪
বিস্তৰ বাক্যত ৰাজা নাহি মোৰ কাজ।
পুত্ৰ ভাৰ্যা সমন্নিতে তুমি মাত্ৰ বাজ॥
নোখোজোহো পুণ্যক থাকোক তোৰ ভাগে।
আন যত সৰ্ব্বস্ব সকলে মোক লাগে॥ ৯৫
ধৰ্ম্ম পক্ষি গণে বোলে শুনিয়ো জৈমুনি।
কৰিলন্ত হাস্য হৰিশ্চন্দ্ৰে হেন শুনি॥
সাৰ্থক আৰ্জ্জিলো ৰাজ্য তাৰ ধন ধান।
তুমি হেন ঋষিক স্বহস্তে দিবো দান॥ ৯৬