পৃষ্ঠা:হৰিশ্চন্দ্ৰ উপাখ্যান.djvu/২৭

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২১
হৰিশ্চন্দ্ৰ উপাখ্যান।

উলতিয়া স্বৰ্গ যেন পাইলা আনন্দত।
কড় যোৰে বিনাৱন্ত ঋষিৰ আগত॥
তোমাক দিবাক পাইবো কত পুণ্যভাগে।
সত্বৰে বুলিয়ো মোত কিবা দান লাগে॥ ৮৭
কিবা ৰত্ন ৰজতৰ অলক্ষ ভণ্ডাৰ।
কিবা ৰাজদন্দ পাত লক্ষ্মী অলঙ্কাৰ॥
কিবা গজ বাজী আৰু অযোধ্যা নগৰ।
কি লাগে দেও অপোনাৰ কলেৱৰ॥ ৮৮
আছে মহাশান্তি সব্যা পৃয়া পটেশ্বৰী।
ৰোহিতাস্য পুত্ৰ মোৰ প্ৰাণ এড়ে শৰি॥
যদি ঋষি খোজা মোত তাক দিবো দান।
নুহি তেবে বোলাদিবো আপোনাৰ প্ৰাণ॥ ৮৯
পাইল হেন জানি কিছু নাহি আত শঙ্কা।
বিস্তৰ বোলন্ত আৰু কয়ো যত টঙ্কা॥
যেহি মন বাঞ্চা তাক খোজা বিশ্বামিত্ৰ।
নিস্তে নিস্তে দিবো তাক নাহি কিছু চিত্ৰ॥ ৯০
হেন শুনি ৰঙ্গভৈলা ঋষিৰ মনত।
আউৰ কৈক যাশ ৰাজ মোহোৰ হাতত॥
অনন্তৰে নৃপতিক দিলা সমিধান।
যতেক যাচিলে তাক পাইলো হেন জান॥ ৯১