পৃষ্ঠা:হৰিশ্চন্দ্ৰ উপাখ্যান.djvu/২৬

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২০
হৰিশ্চন্দ্ৰ উপাখ্যান।

ৰাজা ভৈলে এহিসে আমাৰ নিজ কাম।
শৰ ধনু ধৰি ধৰ্ম্মে কৰিবো সংগ্ৰাম॥
দিব্য মহা দান ৰক্ষা কৰিবো প্ৰজাক।
এহিসে কাৰণে শ্ৰেষ্ঠ শ্ৰজিলা আমাক॥ ৮২
ঋষিযে বোলন্ত ৰাজা শুনিযো অবোধ।
কোনে এবে কৰিবে বনত আবে যুদ্ধ॥
কাহাক ৰাখিবে লাগে কাক দিবি দান।
জান যেৰে অতি শীঘ্ৰে দেহ সমিধান॥ ৮৩
ৰাজা বোলে বুঢ়া ব্ৰাহ্মণক দিবোদান।
ভযাতুৰ প্ৰাণীক কৰিবো পৰিত্ৰান
শত্ৰু সমন্নিতে ন্যাষ কৰিবো সংগ্ৰাম।
স্বৰূপ কহিলো ক্ৰোধ কৰা উপাশাম। ৮৪
হেন শুনি বিশ্বামিত্ৰ দিলা সমিধান।
স্বৰূপত যেবে ব্ৰাহ্মণক দেহ দান॥
মইতো ব্ৰাহ্মণ তেবে তোৰ চিনা জনা।
জান্তে মোক ৰাজসূইৰ দিযোক দক্ষিণা॥ ৮৫
হেন শুনি নৃপতিৰ নামি আইল ধাতু।
ৰঙ্গমনে বোলন্ত ৰক্ষাৰ ভৈল হেতু॥
দানক মাগন্ত ঋষি আমাক ন •শাপি।
এড়াইলো প্ৰমাদ উপজিলো পুনৰপি॥ ৮৬